Friday, March 20, 2020

Assamese poem | অসমীয়া কবিতা | হে প্ৰিয়তমা | hei priyotoma

    হে প্ৰিয়তমা,
    মই কোনো কবি নহয় ।
    মই কোনো লেখক নহয় ।
  মই এটা তোমাৰ প্ৰেমত সহাৰি জনোৱা,
 এটা সাধাৰণ লৰা ।
 অন্ধকাৰ গভীৰ নিশা,
 হাতত মোবাইল লৈ,
 তোমালৈ বুলি মেছেজ লিখো ।
 লিখো বহু স্মৃতিৰ বহু কথা ।
 সাক্ষি হয় মাথো মোবাইল স্ক্ৰীন ।
     শুনা প্ৰিয়তমা,
 মোবাইলৰ ক্ষীণ পোহৰৰ দৰে,
 মোৰ অন্তৰত তোমাৰ মৰমো সিমানেই ক্ষীণ হৈ আহিছে ;
 কিয় বাৰু এনেকুৱা হৈছ ????



https://onubhoborkoroni.blogspot.com

Saturday, March 7, 2020

Assamese poem | অসমীয়া কবিতা | উজাগৰী ৰাতি | ujagori raati

 ৰাতি . . . . . . . .
একেবাৰে টোপনি নাই,
শিতানত তোমাৰ স্মৃতি
আহিছে আৰু গৈছে ।
আক্ষেপ নাই,
তুমি গুচি যোৱা ।
মাথোঁ নকবা ভাল নাপাওঁ বুলি ।

নাহো বুলিয়ে অভিমানত গুজৰি
গুচি গৈছা তুমি ।
অথচ তুমিয়ে আছা বুকু ভৰি ।
উশাহে উশাহে বিয়পি আছে যি
 . . . . . . . . সেয়া তুমি ।

থাকোঁ উজাগৰে . . . .
তোমাৰ বাবে বুকু ঘাঁ বাঢ়ে
 . . . . গোপনে গোপনে ।

উজাগৰে পাৰ হয়
দুখৰ ৰাতি . . . . . নাই টোপনি ।




https://onubhoborkoroni.blogspot.com

Thursday, March 5, 2020

Assamese poem | অসমীয়া কবিতা | ডেউকা ভগা পক্ষী | deuka voga pokhi

 হেঁপাহেৰে আতুৰ দুখন শুকুলা ডেউকা লৈ
মই উৰি আছিলোঁ দূৰ দিগন্তত ,
 . . . . উৰি-উৰি, ফুৰি ফুৰি ।
মই ঢুকি পাইছিলোঁ, চুব খুজিছিলোঁ
মোৰ বুকুৰ বিস্তীৰ্ণ সপোনৰ পৰিধি ।
তললৈ এবাৰো নোচোৱাকৈ
মই অতিক্ৰম কৰিছিলোঁ নীলিম আকাশৰ বহু উচ্চতা ।
হঠাৎ এটি ভুলৰ কাৰণে মই পৰি ৰলো . . . .
 . . . . . অচিনাকি কৰবাত ।
মোৰ চৌপাশে এতিয়া শূন্যতাৰ কৰুণ বিলাপ ।
মোৰ দুচকুত এতিয়া মাথোঁ
মোৰ নিথৰ দেহৰ . . . . .
 . . . . . . . বুৰঞ্জী ৰচনাৰ অভিলাস ।
                               


https://onubhoborkoroni.blogspot.com


Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...