এতিয়া আৰু কেনে আছা বুলি নুসুধিবা ।
আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো ।
বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত ।
ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী জনী নাই বাবে
ন বজালৈকে শুব পাৰিছোঁ ।
চ্যুকাফা উদ্যানত বহি প্ৰেমেলাপ কৰা ছোৱালী জনী নাই বাবে
ঘৰতে সোমাই মোবাইল টিপি দিন কটাইছোঁ ।
সন্ধিয়া লগৰকেইটাৰ লগত ধৰিত্ৰী বাৰত সোমাই
টেঁটুগুৰিলৈকে যিমান পাৰি সিমান গিলিছো ।
কেতিয়াবা নিৰ্জন ৰাস্তাত বাইক ৰখাই
সোলোকা-সোলোকে বমি কৰিছোঁ,
হয়তো কিছু সময়ৰ বাবে তাতেই পৰি ৰৈছো,
মাজৰাতি যেনে-তেনে দুৱাৰ খুলি ঘৰ সোমাই
পুনৰ ৰাতিপুৱা ন বজালৈকে শুইছো ।
বিৰহৰ বেদনাবোৰ চাখনা বনাই
নিতৌ ৰঙাপানীৰ সৈতে গিলিছো,
বিষাদৰ নষ্টালজিয়া চিগাৰেটৰ ধোঁৱাৰ সৈতে
উৰুৱাই বায়ুমণ্ডলত এৰি দিছোঁ ।
নুসুধিবা কেনে আছোঁ বুলি,
তুমি আঁতৰি যোৱাৰে পৰা
সাংঘাতিকভাৱে পৰিৱৰ্তন ঘটিছে
মোৰ জীৱনত................. ।
No comments:
Post a Comment