Saturday, June 20, 2020

Assamese poem | অসমীয়া কবিতা | ইমান মৰম কিয় লাগে | emaan morom kio lage


                               দীপজ্যোতি অসম


নাজানো,
ইমান মৰম কিয় লাগে তাইজনীলৈ ?
 মোৰ উকা হৃদয়ৰ কোঠাৰিত
নিঃস্বাৰ্থভাৱে মৰমেৰে সজাই তোলাত
তাইজনীৰ অৱদান অতুলনীয়,
সেইবাবে চাগে ইমান মৰম লাগে ।
 আই-পিতাইৰ সহস্ৰ বাধা নেওচি
মোৰ মৰমৰ সঁহাৰি জনোৱাত
তাই তিলমানো ক্ষোভ প্ৰকাশ কৰা নাই,
সেইবাবে চাগে ইমান মৰম লাগে ।
 ভাগি থান-বান হোৱা মোৰ সপোনবোৰ
বুটলি পুনৰ নতুনকৈ সজাই তোলাত
তাইজনী অপৈণত শিল্পী
সেইবাবে চাগে ইমান মৰম লাগে ।
 অভিমানত মুখ ফুলাই গুমৰি থাকিলেও
কলিজা বুলি মাতিলেই ঢপলিয়াই অহা
তাইজনীৰ বুকুত মোলৈ অনন্ত ভালপোৱা,
সেইবাবে চাগে ইমান মৰম লাগে ।
  আজীৱন তোমাৰ সুখ-দুখতেই
সমভাগী হ'ম বুলি কথা দিয়া তাইজনী
আজি মোৰ প্ৰাণৰো প্ৰাণ,
সেইবাবে চাগে ইমান মৰম লাগে ।।



Tuesday, June 16, 2020

Assamese poem | অসমীয়া কবিতা | প্ৰেম | Prem


                                     দীপজ্যোতি অসম


প্ৰেম ...............
এটি হৃদয় চুই যোৱা মিঠা অনুভৱ ।
যাৰ পৰশে হৃদয়লৈ আনি দিয়ে সম্পূর্ণতা,
আৰু এক শিহৰণকাৰী মাদকতা । 
সকলোৰে জীৱনত প্ৰেমে এবাৰ হলেও ভুমুকি মাৰে,
আৰু তেওঁক এক নতুন দিশলৈ ধাৱমান কৰায় । 
কৈশোৰৰ পাছত যৌৱনৰ আৰম্ভণিতে প্ৰেমৰ আগমন ঘটে । 
প্ৰেম কিয় হয় ??? 
এই প্ৰশ্নৰ উত্তৰ হয়টো আমি জীৱনৰ জৰিয়তে পাব পাৰো ।
কিন্তু তেনে বিজ্ঞানভিত্তিক উত্তৰত,
মনটো পতিয়ন নিয়াব নোৱাৰোঁ ।
মনটোৱে প্ৰেমৰ বৈজ্ঞানিক তত্ত্ব নিবিচাৰে বা নুবুজে ।
ই উপলব্ধি কৰে মাথোঁ প্ৰেমক ।
বিচাৰে প্ৰেমৰ প্ৰতিটো  শিহৰণকাৰী মূহুৰ্ত...।।



Tuesday, June 2, 2020

Assamese poem | অসমীয়া কবিতা | তোমাৰ অভিমানবোৰ | Tumar obhimanbur


                               দীপজ্যোতি অসম


তোমাৰ অভিমানৰ টোপোলাবোৰ,
সাঁচি ৰাখিব বিচাৰো মোৰ হৃদয়ৰ কোঠালিত ।
তাতেইটো সোমাই আছে অনন্ত মৰম ।
ভালপোৱাৰ প্ৰমাণ বিচৰা নাই কোনোকালে,
অভিমানৰ টোপোলাবোৰ খুলি,
নিজেই কাজলি পাতি লম ।
তোমাৰ অপৈণতভাৱে অংকন কৰা শিল্পই,
মোক আজি বিভোৰ কৰি তুলিছে ।
তোমাতেই বিলীন হ'ব ধৰিছে,
মোৰ সকলো ভাল লগা বেয়ালগাবোৰ ।
ক্ৰমশঃ
মই আজি মোৰ পৰা তোমাৰ হৈ পৰিলোঁ ।
মৰমে যে কি কৰিব নোৱাৰে,
............ নহয়নে ?
সেইবাবে চাগে সকলোৱে কয়,
প্ৰেমে অসাধ্যও সাধন কৰিব পাৰে ।




Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...