Saturday, May 30, 2020

Assamese poem | অসমীয়া কবিতা | মৌন ওঁঠৰ কাহিনী | Mouno uthor kahini


                               দীপজ্যোতি অসম


শূন্যতাত বিলীন হব খোজা এখন হৃদয় ।
যাৰ মৌনতাত লুকাই আছে,
অগণন মৌন ওঁঠৰ কাহিনী ।
মনৰ বাগিচাত অচিনা পখিলাজনীয়ে
দিয়া মৰমৰ চুমাবোৰ চেকা হৈ ৰ'ল,
আৰু ......
স্মৃতিবোৰ এতিয়া মাথোঁ ইতিহাস ।
কাগজখন আছিল মোৰ হৃদয়,
ৰংবোৰ আছিল মোৰ তেজ,
ৰঙৰ তুলিকাডাল তাইৰ হাতত আছিল,
অপৈণত শিল্পী আছিল তাই
............. মোৰ তেজৰেই ।

       

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...