Monday, August 22, 2022

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা ।

আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো ।

বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত ।

ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী জনী নাই বাবে

ন বজালৈকে শুব পাৰিছোঁ ।

চ্যুকাফা উদ্যানত বহি প্ৰেমেলাপ কৰা ছোৱালী জনী নাই বাবে

ঘৰতে সোমাই মোবাইল টিপি দিন কটাইছোঁ ।

সন্ধিয়া লগৰকেইটাৰ লগত ধৰিত্ৰী বাৰত সোমাই

টেঁটুগুৰিলৈকে যিমান পাৰি সিমান গিলিছো ।

কেতিয়াবা নিৰ্জন ৰাস্তাত বাইক ৰখাই

সোলোকা-সোলোকে বমি কৰিছোঁ,

হয়তো কিছু সময়ৰ বাবে তাতেই পৰি ৰৈছো,

মাজৰাতি যেনে-তেনে দুৱাৰ খুলি ঘৰ সোমাই

পুনৰ ৰাতিপুৱা ন বজালৈকে শুইছো ।

বিৰহৰ বেদনাবোৰ চাখনা বনাই

নিতৌ ৰঙাপানীৰ সৈতে গিলিছো,

বিষাদৰ নষ্টালজিয়া চিগাৰেটৰ ধোঁৱাৰ সৈতে 

উৰুৱাই বায়ুমণ্ডলত এৰি দিছোঁ ।

নুসুধিবা কেনে আছোঁ বুলি,

তুমি আঁতৰি যোৱাৰে পৰা

সাংঘাতিকভাৱে পৰিৱৰ্তন ঘটিছে

 মোৰ জীৱনত................. ।

Friday, August 12, 2022

Assamese poem | অসমীয়া কবিতা | কলেজৰ নষ্টালজিয়া | Collagor nostaljia


                                      দীপজ্যোতি অসম


হিয়াত বিৰহৰ মৰম ঢালি,

কিয় গলা জান নিঃসংগী কৰি ।

হোষ্টেলৰ মুখেৰে যাওতে তুমি

মাতিছিলা মিচিকিয়া হাঁহি মাৰি ।

কলেজৰ সমুখৰ কৃষ্ণচূড়াৰ তলত

ৰৈ থাকা তুমি চুৰেন্দ্ৰ কাই দোকানত ।

গড়গাঁও কলেজৰ বৃন্দাৱনৰ মাজত

লুকাভাকুৰ মাজেৰে থাকাহি মোৰ কাষত

অযুত মৰমৰ অতীত আমাৰ

সাক্ষী আজিও কলেজৰ দুৱাৰ

হিয়াত বিৰহৰ অগনি ঢালি

কিয় গলা জান প্ৰতাৰণা কৰি ।

Tuesday, August 2, 2022

Assamese poem | অসমীয়া কবিতা | ঠুনুকা বান্ধোন | Thunuka Bandhun

 হেঁপাহ- মৰম- বিশ্বাসৰ বান্ধোনবোৰ কাচৰ দৰে,

বৰ ঠুনুকা....

মাজে সময়ে ভয়ে লাগে,

কিজনিবা তেওঁকো মই হেৰুৱায় পেলাওঁ।

কিন্তু মই জানো, মৰম যেতিয়ালৈকে আছে,

তেওঁও থাকিব তেতিয়ালৈকে, 

.............. মোৰ প্ৰতিটো উশাহত ।

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...