Wednesday, September 16, 2020

Assamese poem | অসমীয়া কবিতা | এজনী ধৰ্ষিতা নাৰী । EJONI DHORKHITA NAARI


                                            দীপজ্যোতি অসম 



এজনী ধর্ষিতা ছোৱালীক বিয়া কৰাব কোনে ?

দেউতা-মা, আত্মীয় স্বজন সকলোৱে বিয়াখন মানি লবনে ?

ধৰ্ষিতা ছোৱালীজনী নিজ ঘৰৰ বাবেও আপদ যেন হৈ পৰে ।

তাইক বিয়া দিবলৈ পালে মাক-দেউতাকৰ চকুত,

অশ্রুৰ সলনি বৈ আহে সুখৰ বন্যা ।

অ' যদি টকাৰ কথা আহে, তেন্তে তাত নামানি পাৰি জানো ?

সমাজৰ চকুত টকাৰ অবৰণেৰে ঢাকি পত্নীৰ মৰ্যদা দিলেও

ল'ৰাজনৰ হৃদয়েৰে তাইক কেতিয়াও নিজস্ব কৰিব নোৱাৰে 

বা পত্নী হিচাপে মৰম ভালপোৱাৰ অধিকাৰ দিব নোৱাৰে ।

অলেখ কটু কথা কলেও তাই নিমাত হব লাগিব ।

হাজাৰ দুখ যান্ত্ৰনাক নেওচি তাই অতিক্ৰম কৰিব লাগিব

জীৱনৰ আধৰুৱা কাঁইটীয়া বাট ।

কাৰণ, তাইৰ যে আৰু যাবলৈ ঠাই নাই ।

যিদিনা তাইৰ মাক-দেউতাকে আনন্দে ভৰা মুখেৰে তাইক বিদায় দিছিল,

সেইদিনাই তাই বুজিছিল, মা-দেউতাই তাইক আৰু আশা নকৰে ।

সমাজৰ বাবে তাই হৈ পৰে এলাগী ধৰ্ষিতা নাৰী ।

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...