দীপজ্যোতি অসম
মনত পেলাই অতীতৰ কথাবোৰ ।
কেতিয়াবা নিজকে সজীৱ যেন লাগে ।
কালৰ সোঁতত উঠি-ভাঁহি যোৱা,
শৈশৱৰ ধেমেলীয়া জীৱন আৰু বহু আধৰুৱা সপোন ।
কিন্তু এতিয়া. . . . . . . .
যান্ত্ৰিক জগতত আমিবোৰো যন্ত্ৰৰ সদৃশ হৈ পৰিছো ।
কাকো চাবলৈ আহৰি নাই,
কাৰো কথা ভাবিবলৈ সময় নাই ।
মনত কেৱল হিংসা আৰু দুঃচিন্তাই বিৰাজমান ।
প্ৰেমৰ নামতো ঠগবাজ, ব্যভিচাৰ, যৌনৰে পৰিপূৰ্ণ ।
অধুনিকতাৰ নামত নগ্নতা, অশালীনতা, দম্ভালি ।
আমি বাৰু সময়ৰৰ সূতত নিজকে কিয় পাহৰি গৈছো ?
মানৱাৰণ্যৰ মাজত কেতিয়াবা নিজকে বিচাৰি ফুৰোঁ,
এক অঘৰীৰ আত্মাৰ দৰে ।
পাওঁনেকি ক'ৰবাত হেৰাই যোৱা অতীতৰ,
আধৰুৱা সুৰ ।।
No comments:
Post a Comment