Saturday, February 29, 2020

Assamese poem | অসমীয়া কবিতা | তোমাৰ প্ৰেমত । Tumar premot

তোমাৰ প্ৰেমতেই বিলীন হব খোজো ।
বিলীন হব খোজো তোমাতেই মই ।
হিমালয় পৰ্বতৰ শুকুলা টিঙত উঠি,
গগন ফালি লব খোজো তোমাৰ নাম ।
অভিমানৰ টোপোলাবোৰ সাঁচি ৰাখিব দিয়া ।
তাতেই মই বিচাৰি পাওঁ সুখৰ চানেকি ।
প্ৰেমৰ ৰাগীত মাতাল হব দিয়া ।
দেউদী যাওঁ সকলো দুখ-যন্ত্ৰণা ।



https://onubhoborkoroni.blogspot.com

Thursday, February 27, 2020

Assamese poem | অসমীয়া কবিতা | মনত পৰেনে নষ্টালজিয়াবোৰ | Monot porene nostaljiyabur

   যেতিয়া মই অকলে থাকোঁ ।
তেতিয়া নষ্টালজিয়াবোৰে আমনি কৰেহি ।
সেই নষ্টালজিয়াবোৰত তুমিও থাকা উমলি ।
মোৰ ধূলি মাটিৰে সজা ঘৰখনত -
  - তুমি হোৱাহি গৃহিণী,
  - ঘৰখন সজাই তুলিবলৈ ।
তোমাৰ বাৰু মনত পৰেনে,
  - সেই নষ্টালজিয়াবোৰৰ কথা ।
এবাৰ মনত পেলাবাচোন,
নিজানত অকলে .......... কেতিয়াবা ।
মইও থাকিম তোমাৰ নষ্টালজিয়াবোৰৰ মাজত ।


  https://onubhoborkoroni.blogspot.com

Thursday, February 20, 2020

Assamese poem | অসমীয়া কবিতা | জোন ননমা এটি নিশা | Jun nonoma eti nikha

জোন ননমা এটি নিশা ।
তোমাৰ এবুকু নষ্টালজিয়া আৰু মই ।
আজি বহুদিনেই হ'ল,
সপোনবোৰ কৰবালৈ উৰি গ'ল ।
আশাবোৰো গোট মাৰি কোনোবা একোণত থিতাপি ললে,
 ................ গোপনে ।
খিৰিকীখন মেলি বাহিৰলৈ চাওঁ ।
কাল ধুমুহাৰ সৈতে এবুকু অমানিশা।
অন্ধকাৰ আকাশৰ একোণত জিলমিল কৰা জোনটি দেখি,
মনটো অলপ পাতল যেন লাগিল ।
তালৈ একেথিৰে চাই ৰলো,
সিও সংগ্ৰাম কৰিছে জগত অন্ধকাৰৰ মাজত ।
শব্দহীন ভাষাৰে কিবা কোৱা যেন লাগিছে,
কিবা বুজাব বিচাৰিছে চাগে ।
আজি যে সি অকলশৰীয়া ।
এবুকু বিষাদেৰে পৰিপূৰ্ণ তাৰ হিয়া ।
কাষত নাই কোনো লগৰী ।
সিও আজি মোৰ দৰেই মুকলি আকাশলৈ চাই,
গুণগুণাই আছে বিষাদৰ গান ।

Wednesday, February 19, 2020

Assamese poem | অসমীয়া কবিতা | মোৰ খিৰিকীখন | Mur khiriki khon

  মোৰ সৰু কুঠৰীত এখনেই খিৰিকী ।
তাৰেই বাহিৰলৈ চাওঁ ।
দেখো নেকি ক'ৰবাত মিলান কুণ্ডেৰাৰ 'গড্ছ উইণ্ডো'ৰে নামি অহা সেই কল্পনাৰ কোনোবাক ।
কাষত শৰণীয়া পাহাৰ ।
অথচ কোনোদিনেই সেই খিৰিকীৰে ইয়াৰ সৌন্দৰ্য উপভোগ কৰাৰ মোৰ সৌভাগ্য নহ'ব ।
খিৰিকীৰ কাষত থাকিব লাগিছিল আকাশ উজ্বলাই তোলা বিস্তীৰ্ণ পথাৰ ।
অথচ থিয় হৈ আছে এখন শেলুৱৈ আবৃত্ত পকী দেৱাল ।
তদুপৰি মোৰ কাষত এপিকোৰাছ নাই ।
যি ক'ব তুমি আগবাঢ়া, কেৱল আগবাঢ়া ।
মগজুৰ কথা নুশুনিবা, সমাজক জানিবলৈ নিদিবা ।
সিদিনা মোৰ বন্ধু এজনে কৈছিল - অলপ Wild হ'বি ।
জীয়াই থাকিবলৈ হেনো অলপ Wildnessৰ প্ৰয়োজন ।
তেওঁক মই কোন সতে কওঁ,
হৃদয়ৰ নিভৃতত গুজৰি গুমৰি আছে এজাক ধুমুহাৰ দৰে আন এক Wildness ।
যাৰ নাম ----------------- প্ৰেম ।।।।



Monday, February 17, 2020

Assamese poem | অসমীয়া কবিতা | হৃদয়ৰ নীৰৱতা | Hridoyor nirobota

  দুখৰ পোচাকযোৰ সোলোকাই থোৱাৰেপৰা,
কবিতাৰ সৈতে পতা নাই,
 ............... জীৱনৰ কথা ।
হাঁহিৰ অৱগুণ্ঠনত লুকাই থাকে .......
হৃদয়ৰ নীৰৱতা , দুপৰ নিশাৰ নিৰ্জনতা ।
ব্যস্ততাৰ কোলাহলে জুমুৰি ধৰিলেও,
ফাক উলিয়াই . . . . . . . . .
খেপিয়াই চাওঁ তোমাক সংগোপনে,
আঁতৰি গ'লা বুলি ।।


https://onubhoborkoroni.blogspot.com

Assamese poem | অসমীয়া কবিতা | কিমান প্ৰেম আছে তোমাৰ | Kiman prem ase tumar

 কিমান প্ৰেম আছে তোমাৰ ???
তোমাৰ জীৱনৰ পাত্ৰ পূৰাবৰ জোখৰ আছেনে ?
আছে নেকি তাতোকৈ অলপ বেছিকৈ ?
বাকী দিবা নেকি ?
নে নগদ দেছিবা ?
বেছিবা জানো ?
নে বিনিময় কৰিবা ?
তোমাৰ প্ৰেমৰ ৰং ৰুপ কেনে,
পখিলাৰ দৰে ফুটুকা ফুটুকী নেকী ?
ৰামধেনুৰ দৰে বহুৰঙী নেকী ?
নে সপোনৰ দৰে উজ্বল ।
নে পানীৰ দৰে বৰণহীন ।
দেখিবলে কেনেকুৱা তোমাৰ প্ৰেম ?
কিমান প্ৰেম আছে তোমাৰ হৃদয়ত . . . . . . . . . .?
কোৱা , কোৱা -- -- --
তোমাৰ প্ৰেম বিলাসী নে জীৱনৰ শক্তি ।।


onubhoborkoroni.blogspot.com

Saturday, February 15, 2020

Assamese poem | অসমীয়া কবিতা | বিষাদৰ নষ্টালজিয়া | Bikhador nostaljia |

 মনত পেলাই অতীতৰ নষ্টালজিক স্মৃতিবোৰ,
ভাগৰি পৰিছো মই ।
ক্ৰোধ আৰু অভিমানৰ এক স্বপ্নবেহুৰ মাজত
এখন উদং হৃদয় লৈ জীয়াই আছো ।
হেৰুৱাব খোজা আৰ্তনাদবোৰে দিছে মোক এক হিমশীতল পৰশ ;
বিষাদবোৰেও যেন . . . . . . .
আয়োজন কৰিছে এটা দুখৰ উৎসৱ ।
একাঁজলি ৰ'দৰ আভাস বিচাৰি
কঢ়িয়াইছো মাথো দুখৰ চকুপানী ;
এখনি নজহা নপমা পৃষ্ঠা
অৱলম্বন কৰিছোঁ মাথোঁ
মৌনতাৰ . . . . . . . . . . . . . . . . . . ।


onubhoborkoroni.blogspot.com

Friday, February 14, 2020

Assamese poem | অসমীয়া কবিতা | মোৰ এবুকু ভাৱনা | Mur ebuku vabona | Assamese love poem | Assamese romantic poem

এটি জোনাকবিহীন নিশা,
 মই আৰু মোৰ এবুকু সপোন ।
 দুয়ো উটি ভাহি ফুৰিছো কল্পনাৰ সাগৰত,
 বিলিন হৈ পৰিছো নিজৰে মাজত,
 ঝিলি জনীয়েও সুমধুৰ কন্ঠেৰে আমাকেই চাগে জোকাইছে ।
 আমনি কৰাৰ ইচ্ছা চাগে,
 কিন্তু কোনো ভ্ৰুক্ষেপেই নাই,
 ভাবনাত যে মছগুল ।
প্ৰেয়সীক লৈ কত যে কল্পনা জল্পনা;
 সপোন সংসাৰৰ কথা,
 আৰু যে কত কি ।
 হা হা হা হা . . . . . . . . .  ।
 তাই বৰ আজলি জনী,
 একোকে বুজিব পৰা হোৱা নাই ।
 তাইৰ খং অভিমানবোৰ মোৰ বৰ প্ৰিয় ।
 কিন্তু কেতিয়াবা যে ধৈয্যহীন হৈ পৰো ।
 ভাবিলে জানো ভাবনা শেষ হয় ? ? ?
 গভীৰ প্ৰেমত পৰিছো চাগে !!
 সেইবাবে জোনাকবিহীন নিশাও.......
 আজি নিচেই আপোন হৈ পৰিছে ।।
   

Thursday, February 13, 2020

Assamese poem | অসমীয়া কবিতা | নিঃসঙ্গতা | Nihongota | Assamese love poem | Assamese romantic poem

নিঃসঙ্গতাৰ সময়বোৰ নাযায় নোপোৱাই।
গণিও শেষ কৰিব নোৱাৰি ।
আজি বহুদিন হ'ল,,,,,,,,,
মুকলি আকাশৰ তলত মুক্ত মনেৰে,
বিচৰণ কৰা নাই ।
সপোনবোৰো কৰবালৈ ঢাপলি মেলিছে ।
যান্ত্ৰিকতা আৰু আধুনিকতাত নিজকে লিপ্ত হৈ,
কৃত্ৰিম প্ৰেমৰ সোৱাদ বিচাৰি নিজকে নতুন ৰুপত সজাই তুলিছো ।
পাহৰি গৈছো নিজৰ পৰিচয় ।
প্ৰেমৰ মায়াজালত নিজকে উচৰ্গা কৰি বন্দী হৈছো কোনোবা নিজান বনত ।
নিজকে উদ্ধাৰ কৰাৰ আপ্ৰান চেষ্টা ।
অৰ্তনাদ ফালি চিঞৰিছোঁ ।
কিন্তু ,,,,,,,,,,,,,,,
ডেউকা ভঙা পক্ষীৰ বিননি,
কোনোবাই জানো শুনিব ??


        onubhoborkoroni.blogspot.com

Tuesday, February 11, 2020

Assamese poem | অসমীয়া কবিতা | প্ৰতিশ্ৰুতি | Protishruti | Assamese love poem | Assamese romantic poem

  তুমি দিব খোজা প্ৰতিশ্ৰুতিবোৰক মই সন্মান কৰিম ।
 মচি যাম সকলো বেদনাসিক্ত নিশা ।
 তোমাৰ উচ্চাৰিত প্ৰতিটো শব্দৰ মধুৰ ঝংকাৰত
 মোৰ হৃদয় ভৰি পৰিছে ।
 বুকুলৈ নামে এক অনামী শিহৰণ ।
 সপোনৰ আলফুল পৰশত যেতিয়া এজাক জোনাকী পৰুৱা নামে ;
 তাতে বিচাৰি পাওঁ মই তোমাৰ এবুকু উমাল কেচা মৰম ।।।

Assamese poem | অসমীয়া কবিতা | মই তোমাৰ হব বিচাৰো | Moi tumar hobo bisaru | Assamese love poem

  মই তোমাৰ হব বিচাৰো ।।
জনমে মৰণে মই তোমাক কাষত বিচাৰো ...
মোৰ পৰিচয়ধাৰক হবানে তুমি ??
তুমি যি বুলিয়েই কোৱা ,
তোমাতেই বিলীন মোৰ হৃদয়াত্মা ।
তুমি মোৰ বাবে এখন দাপোন হোৱা,
তাত বিচাৰি লম মোৰ ঠিকনা ।
মোৰ স্পন্দনেও কয় তোমাৰ কথা ,
হৃদয়ৰ কোঁহে কোঁহে তুমিয়ে ওমলি থাকা,
তোমাৰ অবিহনে মোৰ অস্তিত্ব
মাথোঁ শূন্য শূন্য আৰু শূন্য ....।।

Assamese poem | অসমীয়া কবিতা | প্ৰেমৰ কবিতা | premor kobita | assamese love poem,

 তোমাক লগ পোৱাৰ পিছৰে পৰা
মই সাংঘাতিক ভাবে প্ৰেমত পৰিছো ।
ভাল লগা হৈছে সকলোবোৰ ।
দাৰ্শনিক এপিকোৰাছে কৈছিল -
নদীৰ দৰে ধাৰাসাৰ ববলৈ ।
মই নদীৰ দৰে হব নোখোজো ,
কাৰণ নদীৰ বুকুতো জাহ গৈ থাকে,
অফুৰন্ত দুখ, অশ্ৰু, বেদনা ।।

Assamese poem | অসমীয়া কবিতা | আইক হেৰুৱাৰ বেদনা | aaik heruwar bedona | assamese poem lyrics, best assamese poem

 আইক হেৰুৱাৰ পাছৰেপৰা........
নিঃসংগতা মোৰ প্ৰিয় হৈ পৰিছে ।
ভাল লগা হৈছে উজাগৰি নিশাবোৰ ।
কুশলে আছো বুলিও কব নোৱাৰো ,
কব পাৰিম মাথো এবুকু যান্ত্ৰনাৰ কথা ।
কত যে কিমান দুখ-বেদনাৰ মাজেৰে
পাৰ কৰিছো প্ৰতিটো দিন প্ৰতিটো ৰাতি ।
পাহৰি পেলাইছো কল্পনাৰ পৃথিৱীখন ।
অমানিশাই আৱৰিছে চাৰিওদিশে ।
জন অৰণ্যৰ মাজত আজি
অকলে বিচৰণ কৰিছো ।
নাই কোনো কাষত আপোন বুলিবলৈ ।
আছে মাথো বিষণ্ণতা ।।

Assamese poem | অসমীয়া কবিতা | স্মৃতিৰ ৰোমন্থন | smritir rumonthon | assamese poem lyrics

 তোমাক প্ৰথম দেখা আজিও মনত পৰে,
ভাঁহি আহে প্ৰতিটো দৃশ্য ।
তোমাৰ যে সেই বেকা চাৱনিতো,
তাৰ বাবে চাগে মই আজিও অধিৰ ।
নাজানো কি মৰম সানিলা,
সহস্ৰ পায়ো আজি ভোকাতোৰ যেন লাগে ।
মৌ-সনা মাতত ফুলি ওঠিছিল
বাগিচা বাগিচা গোলাপ ।
গোলাপী গাল দুখনে যে
আজিও মোক ৰিঙিয়াই মাতে ।
উদাসী কৰি তোলে মন,
মিছিকিয়াই হাঁহি উঠে প্ৰাণ ।
তোমাৰ হাঁহিত জিলিকি উঠে
হাজাৰ হাচ্নাসানা-গোলাপৰ পাহি ।
হয়তো সেইবাবেই আজি মই
আতোৰ হৈ পৰিছো তোমাৰ প্ৰেমত ।।

Assamese poem| অসমীয়া কবিতা | প্ৰেমৰ সংজ্ঞা | Premor hongya | assamese love poem, assamese romantic poem, best assamese poem

  ভিন্নজনৰ কাৰণে প্ৰেমৰ ধাৰণাও বিভিন্ন ।
 কাৰোবাৰ কাৰণে যদি ই এক স্বৰ্গীয় অনুভুতি । 
 কাৰোবাৰ কাৰণে বৰ আমোদজনক খেলা ।
 কাৰোবাৰ কাৰণে আকৌ হিয়াৰ নিভুত কোণত সাঁচি ৰখা আন্তৰিক ভালপোৱা ।
 কিছুমানৰ কাৰণে প্ৰেম এক চুক্তি মাথো,
 মই দহ কিলো দিলে তুমি পোন্ধৰ কিলো দিব লাগিব ধৰণৰ। 
 মই ভাবো যে - হৃদয়ে কেতিয়াবা কাৰোবাৰ প্ৰতি বহুত ব্যকুল হৈ পৰে ।
আপোন জনক সঘনাই কাষত বিচাৰে । 
তেওঁৰ হাজাৰ খংবোৰো হৈ পৰে এক অভিমান স্বৰোপ । 
প্ৰেম বুলি আওহতিয়াকৈ একো নাই,
ই হৃদয়ৰ অনুভব হে মাথো, যাৰ ভাৱনা সীমাহীন, যাৰ সংজ্ঞা সীমাহীন ।
 সেইদিনা এখন কিতাপত পালো যে জীয়াই থাকিবলে অলপ Wildnessৰ প্ৰয়োজন । 
কিন্তু তেওঁ এইটো হয়তো উপলব্ধি কৰা নাই যে হৃদয়ৰ নিভৃতত গুজৰি - গুমৰি থকা এজাক ধুমুহাৰ দৰে আন এক Wildness      ---- যাৰ নাম প্ৰেম ।।

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...