Monday, August 30, 2021

Assamese poem | অসমীয়া কবিতা | অবুজ ভাৱনা | Obuj bhabona


                                    বাৰ্বী  গগৈ


 বুকুখন বিষাইছে, 

নোৱাৰে আৰু ল'বলৈ কথাৰ বোজা ।

ভয়ত কোচ -মোছ খাই 

বহি আছো,

 কিহৰ ভয় ? 

পাই হেৰুৱাৰ বেদনা নে 

নোপোৱাৰ বেদনা, নাজানো !

কও নকওকৈ বহু কথা আছে,

সেইবোৰো ক'ব পৰা নাই, 

কিহৰ শোক বুজিব পৰা নাই !! 

নজনাকৈ বহুত কিবা কিবি হৈ যায়, 

যাৰ উমান হয়তো পোৱা নাযায় । 

Saturday, August 21, 2021

Assamese poem | অসমীয়া কবিতা | বিছিন্ন বেদনা | Bissinno bedona


                                 দ্বীপেন হাজৰিকা

 

 ফাগুনৰ বলিয়া বতাহজাকৰ

সৈতে তুমিয়েইটো আনিছিলা

ৰামধেনুবুলীয়া প্ৰেমৰ বা ,

ফাগুনতে ভালপোৱাৰ ফাঁকুৰ

ৰং ছটিয়াই ৰঙীন কৰি

তুলিছিলা প্ৰেমৰ অনাবিল মুহূৰ্ত,

মৰুভূমি‌লৈ ৰূপান্তৰিত হ'ব খোজা

মোৰ আকলুৱা হৃদয়ক 

তুমিয়েইটো জীপাল কৰিছিলা

আবতৰীয়া প্ৰেমৰ বৰষুণ দি,

অনুভৱৰ কৰণিত সেউজ

শব্দবোৰ যে আনিছিলা ;

কিমান যে গাঁঠিছিলো 

ভালপোৱাৰ শব্দমালা ;

কল্পনাৰ ডেউকাত 

উৰিছিল নিভাঁজ উশাহ 

আজীৱন সেউজীয়া হোৱাৰ

মনৰ হাবিয়াস ,

ইমানৰ পিছতো 

আবেগৰ কথোপকথনৰ 

সামান্য আসোঁৱাহ‌তেই 

কিয় বাৰু বিচ্ছিন্ন হৈ গ’লা ?

প্ৰেম ভালপোৱা 

নুবুজা হাহাকাৰ এটাই

হৃদয়ত কঁপনি তোলে ,

ভালপোৱাৰ বঞ্চনা‌ৰ হাঁহাকাৰ‌ত

সমাধিস্থ কৰিছোঁ বাসনা ,

প্ৰেমৰ চাৰিসীমাৰ কথা 

এতিয়াহে বুজিব পাৰিছোঁ

প্ৰেমৰ নদীদ্বীপক 

এতিয়াহে চিনিব পাৰিছোঁ,

তথাপিও এই বিচ্ছিন্নতাই 

কমাব পৰা নাই 

প্ৰেমৰ তীব্ৰতা 

কমাব পৰা নাই 

ভালপোৱাৰ ওজন ,

সেয়েহে এতিয়াও আছে 

মুকলি আকাশৰ তলত

দুহাত মেলি আমি দুয়ো 

বৰষুণত তিতাৰ দুৰন্ত হেপাঁহ ,,


Monday, August 16, 2021

Assamese poem | অসমীয়া কবিতা | তোমাক লগ পোৱাৰ দিনা | Tumak log puwar dina

 

                                                 দীপজ্যোতি অসম



তোমাক লগ পোৱাৰ দিনা,

 ৰাতি একেবাৰেই টোপনি নাই,

কিমাননো আৰু বিচনাতে বাগৰ সলাই হুমুনিয়াহ কাঢ়িম,

লাহেকৈ দুৱাৰখন খুলি বাহিৰলৈ আহিলোঁ,

জোনাকৰ তিৰবিৰাই থকা তৰাবোৰ গণি গণি

তোমাৰ কথাকে ভাবিলোঁ ।

কওঁ-নকওঁ কৈ হঠাতে আহি কোৱা সুমধুৰ বাক্যই

অলপ সময়ৰ বাবে মোৰ হৃদয় স্তব্ধ কৰি তুলিছিল,

মূৰ্তিৰ দৰে তোমালৈ ৰহ লাগি চাইছিলো ।

উপভোগ কৰিছিলোঁ তোমাৰ অকৃত্ৰিম সৌন্দৰ্য্য,

  - যেন সৰগৰ কোনোবা মোহিনী নৰ্তকীয়ে আহি

এই মৰতত স্থান লৈছে ।

নাজানো তোমাৰ দুনয়নে কি যাদু কৰিলে

 যাৰ বাবে --

তোমাক কাষত পাবলৈ আজি মোৰ আতুৰ হৃদয় ।

Assamese poem | অসমীয়া কবিতা | হৃদয়ৰ কথা | Hridoyor kotha

                                                            বাৰ্বী গগৈ



 হেঙুলীয়া আকাশখনে কি কয় ?

ডাৱৰ বোৰো কিয় ইমান চলনাময়ী হয় !

মনৰ অস্থিৰতা দূৰ কৰিবলৈ নিঃসংগতাবোৰ প্রিয় হয় ।। 

তোমাৰ চকুযুৰিৰ দৰে আকাশৰ নীলাখিনি বেছি প্রিয় হয়।। 

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...