দীপজ্যোতি অসম
তোমাক লগ পোৱাৰ দিনা,
ৰাতি একেবাৰেই টোপনি নাই,
কিমাননো আৰু বিচনাতে বাগৰ সলাই হুমুনিয়াহ কাঢ়িম,
লাহেকৈ দুৱাৰখন খুলি বাহিৰলৈ আহিলোঁ,
জোনাকৰ তিৰবিৰাই থকা তৰাবোৰ গণি গণি
তোমাৰ কথাকে ভাবিলোঁ ।
কওঁ-নকওঁ কৈ হঠাতে আহি কোৱা সুমধুৰ বাক্যই
অলপ সময়ৰ বাবে মোৰ হৃদয় স্তব্ধ কৰি তুলিছিল,
মূৰ্তিৰ দৰে তোমালৈ ৰহ লাগি চাইছিলো ।
উপভোগ কৰিছিলোঁ তোমাৰ অকৃত্ৰিম সৌন্দৰ্য্য,
- যেন সৰগৰ কোনোবা মোহিনী নৰ্তকীয়ে আহি
এই মৰতত স্থান লৈছে ।
নাজানো তোমাৰ দুনয়নে কি যাদু কৰিলে
যাৰ বাবে --
তোমাক কাষত পাবলৈ আজি মোৰ আতুৰ হৃদয় ।
No comments:
Post a Comment