দ্বীপেন হাজৰিকা
ফাগুনৰ বলিয়া বতাহজাকৰ
সৈতে তুমিয়েইটো আনিছিলা
ৰামধেনুবুলীয়া প্ৰেমৰ বা ,
ফাগুনতে ভালপোৱাৰ ফাঁকুৰ
ৰং ছটিয়াই ৰঙীন কৰি
তুলিছিলা প্ৰেমৰ অনাবিল মুহূৰ্ত,
মৰুভূমিলৈ ৰূপান্তৰিত হ'ব খোজা
মোৰ আকলুৱা হৃদয়ক
তুমিয়েইটো জীপাল কৰিছিলা
আবতৰীয়া প্ৰেমৰ বৰষুণ দি,
অনুভৱৰ কৰণিত সেউজ
শব্দবোৰ যে আনিছিলা ;
কিমান যে গাঁঠিছিলো
ভালপোৱাৰ শব্দমালা ;
কল্পনাৰ ডেউকাত
উৰিছিল নিভাঁজ উশাহ
আজীৱন সেউজীয়া হোৱাৰ
মনৰ হাবিয়াস ,
ইমানৰ পিছতো
আবেগৰ কথোপকথনৰ
সামান্য আসোঁৱাহতেই
কিয় বাৰু বিচ্ছিন্ন হৈ গ’লা ?
প্ৰেম ভালপোৱা
নুবুজা হাহাকাৰ এটাই
হৃদয়ত কঁপনি তোলে ,
ভালপোৱাৰ বঞ্চনাৰ হাঁহাকাৰত
সমাধিস্থ কৰিছোঁ বাসনা ,
প্ৰেমৰ চাৰিসীমাৰ কথা
এতিয়াহে বুজিব পাৰিছোঁ
প্ৰেমৰ নদীদ্বীপক
এতিয়াহে চিনিব পাৰিছোঁ,
তথাপিও এই বিচ্ছিন্নতাই
কমাব পৰা নাই
প্ৰেমৰ তীব্ৰতা
কমাব পৰা নাই
ভালপোৱাৰ ওজন ,
সেয়েহে এতিয়াও আছে
মুকলি আকাশৰ তলত
দুহাত মেলি আমি দুয়ো
বৰষুণত তিতাৰ দুৰন্ত হেপাঁহ ,,
No comments:
Post a Comment