দীপজ্যোতি অসম
শূন্যতাত বিলীন হব খোজা এখন হৃদয় ।
যাৰ মৌনতাত লুকাই আছে,
অগণন মৌন ওঁঠৰ কাহিনী ।
মনৰ বাগিচাত অচিনা পখিলাজনীয়ে
দিয়া মৰমৰ চুমাবোৰ চেকা হৈ ৰ'ল,
আৰু ......
স্মৃতিবোৰ এতিয়া মাথোঁ ইতিহাস ।
কাগজখন আছিল মোৰ হৃদয়,
ৰংবোৰ আছিল মোৰ তেজ,
ৰঙৰ তুলিকাডাল তাইৰ হাতত আছিল,
অপৈণত শিল্পী আছিল তাই
............. মোৰ তেজৰেই ।
No comments:
Post a Comment