সংগ্ৰহীত
অভিমানবোৰ
আকাশৰ উফণ্ডি উঠা মেঘবোৰৰ দৰেই
হৰ্ঠাৎ বৰষুণ হৈ নামি পৰে ।
তেনেকৈয়ে অভিমানবোৰো
মৰম হৈ নিগৰি আহে ।
আৰু অভিমান ভৰা মৰমবোৰে
তুমি যে আনৰ হয়
সেই কথা পাহৰাই পেলাই ।
তুমিয়ে কোৱা চোন
মই কেনেকৈ মানি লওঁ
তুমি যে মোৰ নহয় বুলি ?
কোৱা চোন এবাৰ
মই কিদৰে জীয়াই থাকো
তোমাক আনৰ হাতত এৰি ?
কোৱানা মোক, কোনখন হাতেৰে
তুমি দিয়া মৰমবোৰক দিওঁ মুহাৰি ?
জানো, চিৰদিন মোৰ হোৱাৰ
তুমি প্ৰতিশ্ৰুতি দিয়া নাছিলা,
কিন্তু যি স্মৃতি মোক দি থৈ গ'লা
সেইয়া মই কেনেকৈ পাহৰো ?