দীপজ্যোতি অসম
প্ৰেম ...............
এটি হৃদয় চুই যোৱা মিঠা অনুভৱ ।
যাৰ পৰশে হৃদয়লৈ আনি দিয়ে সম্পূর্ণতা,
আৰু এক শিহৰণকাৰী মাদকতা ।
সকলোৰে জীৱনত প্ৰেমে এবাৰ হলেও ভুমুকি মাৰে,
আৰু তেওঁক এক নতুন দিশলৈ ধাৱমান কৰায় ।
কৈশোৰৰ পাছত যৌৱনৰ আৰম্ভণিতে প্ৰেমৰ আগমন ঘটে ।
প্ৰেম কিয় হয় ???
এই প্ৰশ্নৰ উত্তৰ হয়টো আমি জীৱনৰ জৰিয়তে পাব পাৰো ।
কিন্তু তেনে বিজ্ঞানভিত্তিক উত্তৰত,
মনটো পতিয়ন নিয়াব নোৱাৰোঁ ।
মনটোৱে প্ৰেমৰ বৈজ্ঞানিক তত্ত্ব নিবিচাৰে বা নুবুজে ।
ই উপলব্ধি কৰে মাথোঁ প্ৰেমক ।
বিচাৰে প্ৰেমৰ প্ৰতিটো শিহৰণকাৰী মূহুৰ্ত...।।
অসমীয়া কবিতা, প্ৰেমৰ গল্প পঢ়িৱলৈ ইয়াত Click কৰক"
ReplyDelete