মনে ভাৱৰ দৰে সকলোবোৰ হোৱা হ'লে,
কোনো কথাই নাছিল ।
তোমাৰ বাবে নিৰ্গত হোৱা ভাৱনাবোৰ,
টোপোলা পাতি নাৰাখিলোঁ হেতেন ।
নালাগে এতিয়া মোক এখন বিশাল হৃদয় ।
মনৰ কথাবোৰ ব্যক্ত কৰিবলৈ
এখিলা উকা কাগজ হ'লে হয় ।
মাথোঁ লিখিলেই জানো মনৰ ভাৱ প্ৰকাশ হয় ?
কিন্তু, মনটো ভালেখিনি পাতল হয় ।
মৌনতাই জীৱনক শান্তি দিয়ে ।
সেয়েহে চাগে মৌনতাৰ মাজত
মই পৰম শান্তি পাওঁ ।