Saturday, June 20, 2020

Assamese poem | অসমীয়া কবিতা | ইমান মৰম কিয় লাগে | emaan morom kio lage


                               দীপজ্যোতি অসম


নাজানো,
ইমান মৰম কিয় লাগে তাইজনীলৈ ?
 মোৰ উকা হৃদয়ৰ কোঠাৰিত
নিঃস্বাৰ্থভাৱে মৰমেৰে সজাই তোলাত
তাইজনীৰ অৱদান অতুলনীয়,
সেইবাবে চাগে ইমান মৰম লাগে ।
 আই-পিতাইৰ সহস্ৰ বাধা নেওচি
মোৰ মৰমৰ সঁহাৰি জনোৱাত
তাই তিলমানো ক্ষোভ প্ৰকাশ কৰা নাই,
সেইবাবে চাগে ইমান মৰম লাগে ।
 ভাগি থান-বান হোৱা মোৰ সপোনবোৰ
বুটলি পুনৰ নতুনকৈ সজাই তোলাত
তাইজনী অপৈণত শিল্পী
সেইবাবে চাগে ইমান মৰম লাগে ।
 অভিমানত মুখ ফুলাই গুমৰি থাকিলেও
কলিজা বুলি মাতিলেই ঢপলিয়াই অহা
তাইজনীৰ বুকুত মোলৈ অনন্ত ভালপোৱা,
সেইবাবে চাগে ইমান মৰম লাগে ।
  আজীৱন তোমাৰ সুখ-দুখতেই
সমভাগী হ'ম বুলি কথা দিয়া তাইজনী
আজি মোৰ প্ৰাণৰো প্ৰাণ,
সেইবাবে চাগে ইমান মৰম লাগে ।।



No comments:

Post a Comment

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...