শৰতৰ আবেলি সেউজীয়াৰ মাজত,
গাঁৱৰ পৰিৱেশেই সুকীয়া ।
এফালে সোনগুটিৰ পথাৰ,
আনফালে এখনি বিল ।
বিলৰ পানীৰ ওপৰত সৰগৰ পাৰিজাতৰ দৰে
মেটেকা ফুলৰ সৰগীয় দলিচা ।
ৰোমাণ্টিক হৈ উঠে মন-প্ৰাণ ।
ভাষাবোৰ আপোনা-আপুনি নিগৰি আহি
সৃষ্টি হয় অমিয়া কবিতাৰ মধুসুৰ ।
এই নান্দনিক নয়নাভিৰাম দৃশ্যই বুকু ভৰাই তোলে ।
হৃদয়ৰ পালতৰাত ডিঙা মেলি,
প্রকৃতিৰ মাজত কুৰুকি কুৰুকি নিজকে বিলীন কৰোঁ ।
Red Assamese Poem, quotes, Story
ReplyDeleteঅসমীয়া কবিতা, গল্প পঢ়িৱলৈ ইয়াত Click কৰক
ReplyDelete