Tuesday, April 28, 2020

Assamese poem | অসমীয়া কবিতা | চঞ্চলা ছোৱালীজনী | chanchala suwalijoni

মা,,,,,,
 উৰণিখন দেখোন বৰ গধুৰ ।
বিয়া হোৱাৰ পিছৰেপৰা,
তোৰ জোনালীজনী কৰ'বাত হেৰাই গৈছে ।
আগৰ সেই মই জনী
এতিয়া আৰু চঞ্চলা-ৰচকী নহয় ।
খোজত ভৰিৰ গিৰিপনি শুনা নাযায়,
প্ৰতি ক্ষণত ভূল কৰাৰ ভয় আৰু
মনৰ হুংকাই জুমুৰী থাকে ।
মুকলি আকাশৰ মইজনী আজি যেন,
মৌনতাৰ বননিত বিচৰণ কৰো ।
জা-জুৱলী, বর্জনা-ননদেৰে পৰিপূৰ্ণ
শ্ৰীমান আৰু মোৰ এখনি সুকীয়া পৃথিৱী,
য'ত মিলা-প্ৰীতি, হাঁহি-ফূৰ্তিৰ
ধাৰাসাৰে মৰমৰ নিজৰা বয় ।
অশ্ৰু, কান্দোন কি পাহৰি গৈছো ।
পাহৰি গৈছো বিষাদৰ নষ্টালজিয়াবোৰ ।
এইয়াই ছাগে যুগ্ম জীৱনৰ পাতনি,
নহয় জানো, মা............ ?



No comments:

Post a Comment

Assamese poem | অসমীয়া কবিতা | কেনে আছো বুলি নুসুধিবা | Kene asu buli nuhudhiba

 এতিয়া আৰু কেনে আছা বুলি নুসুধিবা । আগৰ দৰেই আছোঁ বুলিতো কব নোৱাৰো । বহু পৰিৱৰ্তন হৈছে মোৰ জীৱনত । ৰাতিপুৱা ছয় বজাত ফোন কৰি আমনি কৰা ছোৱালী ...